Firefox

স্থান-অৱগত ব্ৰাউছ কাৰ্য্য

Firefox এ ৱেবছাইটক আপুনি ক'ত অৱস্থিত সেইটো ক'ব পাৰে যাতে আপুনি প্ৰাসংগিক আৰু অধিক সুবিধাজনক তথ্য পাব পাৰে। ইয়াৰ উদ্দেশ্য ৱেবক চোকা কৰিবলৈ – আৰু আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰিহে কৰা হয়। এটা চেষ্টা দি চাওক!

সঘনে কৰা প্ৰশ্ন

স্থান-অৱগত ব্ৰাউছ কাৰ্য্য কি ?

স্থান-অৱগত ব্ৰাউছ কাৰ্য্য ব্যৱহাৰ কৰা ৱেবছাইটে আপোনাৰ আপোনাৰ স্থান বিচাৰিব যাতে আপোনালৈ প্ৰাসংগিক তথ্যৰ যোগান ধৰিব পাৰিব, বা বিচৰাৰ সময়ত আপোনাৰ সময় ৰক্ষা কৰিব। যেনে আপুনি নিজৰ অৱস্থানৰ ওচৰত পিজ্জা ৰেস্তোৰাঁ বিচাৰিছে। এটা ৱেবছাইটে আপোনাক নিজৰ অৱস্থান অংশীদাৰ কৰিবলৈ ক'ব যাতে অকল “pizza” বিচাৰিলে আপুনি বিচৰা উত্তৰ আপোনাক দিব... কোনো অতিৰিক্ত তথ্য বা অতিৰিক্ত লিখাৰ প্ৰয়োজন।

বা, যদি আপুনি কোনো স্থানৰ দিশ বিচাৰে, আপোনাৰ আৰম্ভণিৰ স্থান ৱেবছাইটে জানিব আৰু আপুনি অকল ক'ত যাব বিচাৰে সেইটো ক'লেই হ'ব।

এই সেৱা সম্পূৰ্ণৰূপে বৈকল্পিক – আপোনাৰ অনুমতি নোহোৱাকে Firefox আপোনাৰ অৱস্থান অন্যক নিদিয়ে – আৰু আপোনাৰ গোপনীয়তাক সৰ্বাধিক গুৰুত্ব দিহে এই কাৰ্য্য কৰা হয়। আৰু, Firefox ৰ অন্য পদাৰ্থৰ দৰে, ৱেব বিকাশকৰ দ্বাৰা সহজে গ্ৰহণ কৰিব পৰাৰ কাৰণে ইয়াক মুক্ত মানৰ সৈতে সৃষ্টি কৰা।

এইটোৱে কেনেদৰে কাম কৰে ?

আপুনি এটা স্থান-অৱগত ৱেবছাইট দৰ্শন কৰিলে, আপুনি নিজৰ স্থান অংশীদাৰ কৰিব বিচাৰে নে নাই সেইটো Firefox এ শুধিব।

আপুনি মান্তি হ'লে, Firefox -এ ওচৰৰ বোতাঁৰ অভিগমৰ স্থানৰ আৰু আপোনাৰ কমপিউটাৰৰ IP ঠিকনাৰ তথ্য সংগ্ৰহ কৰে। তাৰ পিছত Firefox এ এই তথ্য অবিকল্পিত geolocation সেৱা প্ৰদান কৰোঁতা, Google Location Services, লৈ পঠিয়াই আপোনাৰ অৱস্থানৰ প্ৰাক্‌কলন পাবলৈ। সেই প্ৰাক্‌কলন তথ্য অনুৰোধ কৰা ৱেবছাইটৰ সৈতে অংশীদাৰ কৰা হয়।

আপুনি মান্তি ন'হ'লে, Firefox -এ একো নকৰে।

অৱস্থানসমূহ কিমান শুদ্ধ ?

শুদ্ধ তথ্য স্থানৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান স্থানত, আমাৰ সেৱা প্ৰদান কৰোঁতাই কিছু মিটাৰৰ দৈৰ্ঘ্যলৈহে তথ্য দিব পাৰিব। কিন্তু, অন্য স্থানত ইয়াতকৈ অধিক হ'ব পাৰে। আমাৰ সেৱা প্ৰদান কৰোঁতাই দিয়া তথ্যসমূহ অকল অভিমতহে আৰু আমি সেই স্থানৰ শুদ্ধতাৰ কোনো গেৰান্টী নিদিওঁ। অনুগ্ৰহ কৰি এই তথ্য কোনো জৰুৰি কামৰ বাবে প্ৰয়োগ নকৰিব। সদায়ে সাধাৰণ কাণ্ডজ্ঞান ব্যৱহাৰ কৰিব।

কি তথ্য পঠিওৱা হৈছে, আৰু কোন মানুহলৈ? মোৰ গোপনীয়তা কেনেদৰে ৰক্ষা কৰা হৈছে ?

আপোনাৰ গোপনীয়তা আমাৰ বাবে অতি গুৰুতৰ, আৰু আপোনাৰ অণুমতি নোহোৱাকে আপোনাৰ অৱস্থান Firefox -এ কেতিয়াও অংশীদাৰ নকৰে। আপোনাৰ পৰা তথ্য বিচৰা এটা ৱেব ছাইট দৰ্শন কৰিলে, কোনো অনুৰোধ কৰা ৱেবছাইট আৰু আমাৰ তৃতীয়-পক্ষীয় সেৱা প্ৰদান কৰোঁতাৰ সৈতে তথ্য অংশীদাৰ কৰাৰ আগতে আপোনাৰ অনুমতি লোৱা হ'ব।

অবিকল্পিতৰূপে, Firefox -এ এই তথ্য পঠিয়াই Google Location Services প্ৰয়োগ কৰে আপোনাৰ অৱস্থান জানিবলৈ:

  • আপোনাৰ কমপিউটাৰৰ IP ঠিকনা,
  • ওচৰৰ বেতাঁৰ অভিগমৰ স্থানৰ তথ্য, আৰু
  • এটা ওলট-পালটকৈ নিৰ্ধাৰণ কৰা গ্ৰাহক পৰিচয়ক, যাক Google এ চিনাকি কৰে, যি প্ৰত্যেক ২ সপ্তাহত শেষ হয়।

Firefox এ গোটোৱা আৰু ব্যৱহাৰ কৰা তথ্যৰ এটা সম্পূৰ্ণ বিৱৰণৰ কাৰণে, অনুগ্ৰহ কৰি Firefox গোপনীয়তাৰ নীতি (ইংৰাজীত) চাওক।

Google Location Services এ তাৰ পিছত আপোনাৰ প্ৰক্‌কলন কৰা অৱস্থানৰ তথ্য দিয়ে (যেনে, অক্ষাংশ আৰু দ্ৰাঘিমা)। Google এ গোটোৱা আৰু ব্যৱহাৰ কৰা তথ্যৰ এটা সম্পূৰ্ণ বিৱৰণৰ কাৰণে, অনুগ্ৰহ কৰি Google Geolocation গোপনীয়তাৰ নীতি (ইংৰাজীত) চাওক।

আপোনাৰ গোপনীয়তা ৰক্ষা কৰিবলৈ তথ্যক এটা গুপুত কৰা সংযোগেৰে বিনিময় কৰা হয়। Firefox ৰ ওচৰত এবাৰ আপোনাৰ অৱস্থানৰ তথ্য হ'লে, ই তাক সেই ৱেবছাইটলৈ আগবঢ়ায় দিয়ে যি তাক অনুৰোধ কৰিছিল। কোনো সময়তে আপুনি দৰ্শন কৰা ৱেবছাইটৰ নাম বা অৱস্থান, বা কোনো কুকিক, কেতিয়াও Google Location Services ৰ লগত অংশীদাৰ কৰা হয়।

না Mozilla না Google এ কেতিয়াও Google Location Services এ গ্ৰহণ কৰা তথ্যৰে আপোনাক চিনাক্ত বা তদন্ত কৰিবলৈ ব্যৱহাৰ কৰিব।

অনুৰোধ কৰা ৱেবছাইটে আপোনাৰ তথ্যৰ সৈতে কি কৰে সেই তথ্য জানিবলৈ, অনুগ্ৰহ কৰি সেই ৱেবছাইটৰ গোপনীয়তাৰ নীতি চাওক।

আপোনাৰ গোপনীয়তাৰ অধিক তথ্যৰ বাবে, আপুনি এইটোও পঢ়িব লাগে:

ৱেব ব্ৰাউছ কৰোঁতে মোক পিচে পিচে বিচৰা হৈছে নেকি ?

নহয়। Firefox এ অকল ৱেবছাইটে অনুৰোধ কৰিলেহে অৱস্থানৰ অনুৰোধ কৰে, আৰু ব্যৱহাৰকৰ্তা মান্তি হ'লেহে আপোনাৰ অৱস্থান অংশীদাৰ কৰে। আপুনি ব্ৰাউছ কৰি যাওঁতে Firefox এ আপোনাৰ অৱস্থান মনত নাৰাখে।

এটা ছাইটক দিয়া অনুমতি পিছত বাতিল কৰিব পাৰোঁ নে নাই ?

যদি আপুনি Firefox ক এটা ছাইটক সদায়ে নিজৰ অৱস্থান দিবলৈ অনুমতি দিয়ে আৰু পিছত নিজৰ মন সলনি কৰে, আপুনি সেই অনুমতি সহজে সলনি কৰিব পাৰে। এইয়া এনেদৰে:

  • অনুমতি দিয়া ছাইটলৈ যাওক
  • সৰঞ্জাম তালিকালৈ যাওক, তাৰ পিছত পৃষ্ঠাৰ তথ্য লৈ যাওক
  • অনুমতি ৰ টেব নিৰ্বাচন কৰক
  • অৱস্থান অংশীদাৰ কৰকৰ পছন্দ সলনি কৰক

স্থায়ীৰূপে মই স্থান-অৱগত ব্ৰাউছ কাৰ্য্য কেনেদৰে বন্ধ কৰোঁ ?

স্থান-অৱগত ব্ৰাউছ কাৰ্য্য সদায়ে Firefox ত বৈকল্পিক। আপোনাৰ অনুমতি নোহোৱাকে কেতিয়াও কোনো স্থানৰ তথ্য পঠিওৱা নহয়। যদি আপুনি এই গুণ সদায়ৰ কাৰণে নিষ্ক্ৰিয় কৰিব বিচাৰে, অনুগ্ৰহ কৰি এই পদক্ষেপ মানি চলক:

  • URL বাৰত, about:config টিপক
  • geo.enabled লিখক
  • geo.enabled পছন্দত ডাবুল-ক্লিক কৰক
  • স্থান-অৱগত ব্ৰাউছ কাৰ্য্য এতিয়া নিষ্ক্ৰিয়